মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়

ভবিষ্যদৰ্শন আৰু অভিযান

লক্ষ্য আৰু অভিযানঃ

১৯৮১, ২, অক্টোবৰৰ পৰা লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ে এই ধৰনৰ প্ৰথমখন শিক্ষানুষ্ঠান হিচাপে ইয়াৰ মাৰ্গদৰ্শী যাত্ৰা আৰম্ভ কৰিছিল। এই চৰকাৰী মহাবিদ্যালয়খন স্থাপন কৰাৰ বীক্ষন আছিল ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ পোহৰত ৫০০ বছৰ পুৰণি, সত্ৰীয়া নৃত্য আৰু সংগীতৰ জীৱন্ত পৰম্পৰাক অধ্যয়ন, বিশ্লেষণ আৰু বিকাশ কৰা। কলা পৰিবেশনৰ বাবে, নৃত্য আৰু সংগীতৰ উত্কৰ্ষ সাধন কৰা তথা সফলতা প্ৰাপ্তিৰ কেন্দ্ৰ হিচাপে ই হল আজি, আটাইতকৈ শ্ৰেষ্ঠ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম। বি.মিউজৰ দৰে বৃত্তিমুখী পাঠ্যক্ৰমসমূহ হল ইয়াৰ শক্তি। জ্ঞানৰ ক্ষেত্ৰত অত্যন্ত আগশাৰীৰ অৱস্থিতিৰে, লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ কেৱল পৰিৱৰ্ত্তিত পৃথিৱীখনৰ গতিৰ সৈতে তাল মিলায়েই আগবাঢ়ি থকা নাই। লগতে কলা পৰিবেশনৰ ক্ষেত্ৰত অভিৱনতাৰ আঁৰৰ মাৰ্গদৰ্শী উত্সাহ হৈ আহিছে। সেয়েহে আমাৰ মহাবিদ্যালয়খনৰ বীক্ষণ আৰু লক্ষ্য হল সংগীতৰ শিক্ষা আগবঢ়োৱা আৰু ওপৰত দিয়া দিশসমূহত শিল্পীসুলভ সামৰ্থ্যৰ ছাত্ৰসকলক প্ৰস্তুত কৰি তোলা আৰু নিৰ্দেশনাৰ আধুনিক পদ্ধতিসমূহৰ জৰিয়তে জনসাধাৰণৰ মাজত ভাৰতীয় শাস্ত্ৰীয় সংগীতক জনপ্ৰিয় কৰি তোলা আৰু আমাৰ সংস্কৃতিৰ অখণ্ড অংশ হিচাপে সংগীতক ইয়াৰ ন্যায্য ঠাইত পুনৰ সংস্থাপিত কৰা।