মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়

ইতিহাস

  •                 অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ছত্ৰৰ অধীনত সমগ্ৰ ৰাজ্যতে এইখনেই হল একমাত্ৰ চৰকাৰী সংগীত মহাবিদ্যালয়। এই মহাবিদ্যালয়খনে কেৱল অসমতে নহয়, সমগ্ৰ উত্তৰ-পূব ভাৰততে সংগীত আৰু সংস্কৃতিৰ উন্নতিৰ বাবে যুৱ প্ৰতিভাসকলক মূল্যৱান সেৱা আগবঢ়াই আহিছে। এই অঞ্চলটোত বিভিন্ন প্ৰগাঢ় সংস্কৃতিৰ উন্নতিৰ ক্ষেত্ৰত ই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। মহাবিদ্যালয়খনৰ অনুষদসকল উত্তৰ-পূব ভাৰতত জনাজাত আৰু মানদণ্ডসম্পন্ন শিল্পীৰে সমৃদ্ধ হৈ আছে। অতীতত দৃষ্টান্তমূলক সফলতাৰে মহাবিদ্যালয়খনৰ এক অতি গৰিমাময় ইতিহাস আছে। শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন ছাত্ৰসকল সমগ্ৰ পৃথিৱীতে বিয়পি আছে আৰু তাৰে বহুকেইগৰাকীয়ে সংগীত শিক্ষাৰ সাধনা আৰু পৰিবেশনত সক্ৰিয় হৈ আছে। প্ৰথমতে ৰবীন্দ্ৰ ভৱন প্ৰাঙ্গনত মহাবিদ্যালয়খন আৰম্ভ হৈছিল যদিও বৰ্তমান ই ইয়াৰ পঞ্জাৱাৰী, শিল্পগ্ৰামৰ ওচৰৰ স্থায়ী চৌহদলৈ স্থান পৰিৱৰ্তন কৰে। ৰাজ্য চৰকাৰৰ দ্বাৰা মহাবিদ্যালয়খনৰ স্থায়ী ভৱন এটি নিৰ্মাণৰ প্ৰক্ৰিয়া অব্যাহত আছে। হবলগীয়া চৌহদটোত আৱাসৰ সুবিধা, প্ৰেক্ষাগৃহ, ধ্বনিতাত্ত্বিক পুথিভঁড়াল আদিৰ সুবিধা আদি অন্তৰ্ভুক্ত কৰা হব।

                    শুভাৰম্ভ হোৱা এই যাত্ৰাৰ. উত্কৰ্ষৰ নতুন মানদণ্ড স্থাপন কৰি অধিক বিবৰ্ধিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।